ADRE 3.0 ৰ syllabus বিচাৰি আপুনি ইয়ালৈ আহিছে। SLRC-এ এতিয়ালৈকে ADRE 3.0 ৰ official syllabus প্ৰকাশ কৰা নাই। যিবোৰ ৱেবছাইটে "ADRE 3.0 Official Syllabus PDF Download" বুলি শিৰোনাম দিছে, সেইবোৰে আচলতে ADRE 2.0 ৰ syllabus খনেই দেখুৱাইছে।

তেন্তে চিন্তা কৰিবলগীয়া আছেনে? নাই। কাৰণ ADRE ৰ বিষয়বোৰ সলনি নহয়। English, Reasoning, Mathematics আৰু General Knowledge এই চাৰিটাৰ ভিতৰতেই সকলো প্ৰশ্ন সীমাবদ্ধ। ADRE 1.0 ৰ পৰা 2.0 লৈ topic একেই আছিল, 3.0 তো একেই থাকিব। যিটো সলনি হ'ব পাৰে সেয়া হ'ল প্ৰশ্নৰ সংখ্যা আৰু নম্বৰ বিভাজন।

গতিকে notification-ৰ বাবে অপেক্ষা কৰি বহি নাথাকিব। তলৰ syllabus-খন লৈ আজিয়েই আৰম্ভ কৰক।


ADRE 3.0 ৰ notification কেতিয়া ওলাব

মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কৈছে যে ADRE ৰ তৃতীয় পৰ্যায় বিধানসভা নিৰ্বাচনৰ পিছত হ'ব। ADRE 2.0 ৰ নিযুক্তি পত্ৰ বিতৰণ 2026 ৰ জানুৱাৰী মাহতে সম্পূৰ্ণ হৈছে।

শূন্য পদৰ সংখ্যা 10,000 ৰ পৰা 15,000 ৰ ভিতৰত হ'ব বুলি বিভিন্ন সংবাদ মাধ্যমে লিখিছে। চূড়ান্ত সংখ্যাটো notification-তহে জনা যাব, গতিকে এই সংখ্যাবোৰক অনুমান বুলিয়েই ধৰি লওক।

আন এটা কথা। ADRE 2.0 ৰ সময়ত শেষ মুহূৰ্তত Preliminary আৰু Main — এনে দুটা পৰ্যায়ত পৰীক্ষা কৰাৰ কথা উঠিছিল, কিন্তু প্ৰতিবাদৰ পিছত চৰকাৰে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল। এইবাৰো সেই চৰ্চা চলিছে। কিন্তু official ঘোষণা নোহোৱালৈকে বৰ্তমানৰ MCQ format ধৰিয়েই পঢ়ি যাওক।


Exam Pattern

ADRE ত সকলোৰে বাবে একেখন প্ৰশ্নকাকত নহয়। আপোনাৰ শৈক্ষিক যোগ্যতা অনুসৰি পৃথক paper হয় Grade III ৰ বাবে তিনিখন আৰু Grade IV ৰ বাবে দুখন।

Grade III (Graduate level) — স্নাতক যোগ্যতাৰ পদ
Grade III (HSSLC level) — দ্বাদশ শ্ৰেণী পাছ পদ
Grade III (Driver) — চালক পদ
Grade IV (HSLC level) — দশম শ্ৰেণী পাছ পদ
Grade IV (Class VIII level) — অষ্টম শ্ৰেণী পাছ পদ

প্ৰতিটো শুদ্ধ উত্তৰ: 1 নম্বৰ
প্ৰতিটো ভুল উত্তৰ: 0.25 নম্বৰ কটা যাব
সময়: 2 ঘণ্টা
ভাষা: অসমীয়া, ইংৰাজী, বাংলা আৰু বড়ো

এই 0.25 ৰ কথাটো ভালদৰে বুজি লওক, কাৰণ ইয়াতেই বহুতৰ নম্বৰ কমি যায়। চাৰিটা ভুল উত্তৰ দিলে গৈ এটা শুদ্ধ উত্তৰৰ নম্বৰ হেৰায়।


Grade III ৰ প্ৰাৰ্থীসকলৰ বাবে আৰু এটা কথা। লিখিত পৰীক্ষাত যিমানেই ভাল নকৰক কিয়, Computer Skill Test ত অনুত্তীৰ্ণ হ'লে বাদ পৰিব। এইটো বহুতে শেষ সময়লৈ পেলাই থয় আৰু পিছত অনুশোচনা কৰে।


ADRE 3.0 Syllabus — English

Spot the error
Fill in the blanks
Synonym আৰু Antonym
Spelling / Misspelt words
Idioms and Phrases
One word substitution
Improvement of sentences
Active আৰু Passive voice
Narration (Direct-Indirect)
Reading comprehension

English-ত বহুতে ভয় খায়, কিন্তু আচলতে ইয়াত সবাতোকৈ সহজে নম্বৰ পোৱা যায়। Synonym, Antonym, One word substitution আৰু Idioms এই চাৰিটা সম্পূৰ্ণ মুখস্থৰ ওপৰত নিৰ্ভৰশীল। দৈনিক দহটাকৈ শব্দ শিকিলে তিনি মাহত ন শ শব্দ হ'ব। Grammar-ৰ নিয়ম মুখস্থ কৰাতকৈ প্ৰশ্ন সমাধান কৰি শিকাটো বেছি ফলপ্ৰসূ।


ADRE 3.0 Syllabus — Reasoning

Analogy (word, numbers)
Odd one out (word, numbers)
Venn diagram
Series (letter, numbers)
Folding, unfolding
Picture series
Embedded figure
Syllogism
Mathematical operation
Blood relation
Coding-decoding

Reasoning পঢ়ি শিকিব নোৱাৰি, কৰি শিকিব লাগে। বহি বহি নিয়ম পঢ়াতকৈ দৈনিক ৩০টাকৈ প্ৰশ্ন সমাধান কৰক। এক মাহৰ পিছত আপুনি নিজেই পাৰ্থক্যটো ধৰিব পাৰিব। Series আৰু Coding-decoding ত সাধাৰণতে সবাতোকৈ বেছি প্ৰশ্ন আহে আৰু এই দুটাত পূৰ্ণ নম্বৰ পোৱা একেবাৰেই সম্ভৱ।


ADRE 3.0 Syllabus Mathematics

Number system
Decimal fraction
Percentage
Ratio আৰু Proportion
Square root
Average
Simple Interest আৰু Compound Interest
Profit আৰু Loss
Recurring
Partnership
Discount
Mixture and Alligation
Time আৰু Work
Time, Distance আৰু Speed
Surds আৰু Indices
Basic school algebra
Polynomial
Geometry
Mensuration
Trigonometry
Statistics
Pie-chart
Data interpretation
Remainder
Divisibility
HCF আৰু LCM

তালিকাখন দীঘল দেখি ভয় নাখাব। প্ৰথমে Percentage-টো ভালদৰে শেষ কৰক। Percentage বুজিলে Profit-Loss, Interest, Ratio আৰু Data Interpretation — এই সকলোবোৰ নিজে নিজেই সহজ হৈ পৰে। বাস্তৱত এই এটা অধ্যায়ে গোটেই Mathematics-ৰ প্ৰায় আধা অংশ ধৰি ৰাখে।

Geometry আৰু Trigonometry ত বেছি সময় নষ্ট নকৰিব। প্ৰশ্ন কম আহে, আৰু সূত্ৰ কেইটা মনত ৰাখিলেই যথেষ্ট।


ADRE 3.0 Syllabus General Knowledge

অসম সম্পৰ্কীয়:

Location based (অসম আৰু উত্তৰ-পূৱাঞ্চল)
চলিত ঘটনা (অসম)
অসমৰ চৰকাৰী আঁচনি
অসমৰ ইতিহাস
অসমীয়া সাহিত্য
অসমৰ প্ৰথম
ৰাজ্যিক প্ৰতীক
বিশিষ্ট ব্যক্তিৰ উপনাম
অসমৰ ভূগোল
অসমৰ ৰাজনীতি
অসমৰ অৰ্থনীতি
চলচ্চিত্ৰ আৰু নাট্যকলা

ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয়:

Location based (ভাৰত)
চলিত ঘটনা (ভাৰত)
ৰাষ্ট্ৰীয় আঁচনি
বিশিষ্ট ব্যক্তি
সাধাৰণ বিজ্ঞান
দেশ আৰু ৰাজধানী
মুদ্ৰা
বিশ্ব ৰাজনীতি আৰু ভূগোল
ভাৰতৰ ভূগোল, ৰাজনীতি, ইতিহাস আৰু অৰ্থনীতি
ভাৰতৰ প্ৰথম
দিৱস আৰু ঘটনা
বঁটা-বাহন
নিযুক্তি
মহাকাশ
ক্ৰীড়া
স্থাপত্য আৰু ভাস্কৰ্য
চিত্ৰকলা
গ্ৰন্থ আৰু লেখক
বাজেট
সৌৰজগত
ৰাষ্ট্ৰীয় প্ৰতীক
কম্পিউটাৰ
বিভিন্ন উপনাম
উৎসৱ-পাৰ্বণ
নদী প্ৰণালী
ভাৰতৰ প্ৰথম মন্ত্ৰীসভা
বিভিন্ন বিপ্লৱ (সেউজ, শ্বেত, নীল আদি)
আন্তঃৰাষ্ট্ৰীয় সংগঠন
নৃত্যৰ ধৰণ
গুৰুত্বপূৰ্ণ আৱিষ্কাৰ
বিশ্বৰ তৃণভূমি

এতিয়া মূল কথাটো কওঁ। ADRE ত merit list ত নাম উঠা নুঠাটো নিৰ্ভৰ কৰে অসম সম্পৰ্কীয় প্ৰশ্নবোৰৰ ওপৰত। সৰ্বভাৰতীয় GK সকলোৱে পঢ়ে, সেয়েহে তাত পাৰ্থক্য নাথাকে। কিন্তু অসমৰ ইতিহাস, সাহিত্য, ভূগোল আৰু চলিত ঘটনা যিয়ে ভালদৰে জানে, তেওঁৰেই নম্বৰ আগবাঢ়ে। বেছিভাগ প্ৰাৰ্থীয়ে ঠিক ইয়াতেই কম গুৰুত্ব দিয়ে।


প্ৰস্তুতি কেনেকৈ ল'ব

আগৰ বছৰৰ প্ৰশ্নকাকতৰ পৰা আৰম্ভ কৰক। ADRE 1.0 আৰু 2.0 ৰ প্ৰশ্ন সমাধান কৰিলে প্ৰশ্নৰ মান কেনেকুৱা, কোন অধ্যায়ৰ পৰা কিমান আহে — সেয়া নিজেই বুজি পাব।

দৈনিক এখনকৈ mock test দিয়ক। পঢ়ি থকাতকৈ পৰীক্ষা দিয়াটোৱে বেছি শিকায়, কাৰণ ভুলবোৰ ধৰা পৰে। ভুল হোৱা প্ৰশ্নটোৰ topic-টো সেইদিনাই আকৌ পঢ়ি ল'ব।

অসম GK ৰ বাবে এখন নোটবুক ৰাখক। বাতৰি কাকতত অহা নতুন আঁচনি, নিযুক্তি, বঁটা আৰু ক্ৰীড়াৰ খবৰবোৰ তাতে লিখি থওক। পৰীক্ষাৰ আগৰ সপ্তাহত এই নোটবুকখনেই আপোনাৰ সবাতোকৈ ডাঙৰ সম্পদ হ'ব।

ঘড়ী ধৰি অভ্যাস কৰক। ১০০ টা প্ৰশ্ন ১২০ মিনিটত মানে প্ৰতিটোত গড়ে এক মিনিট বাৰ ছেকেণ্ড। ঘৰত সময়ৰ বন্ধন নোহোৱাকৈ অভ্যাস কৰিলে পৰীক্ষাৰ হলত হাত-ভৰি কঁপিবলৈ ধৰে।

Grade III ৰ বাবে computer-ৰ প্ৰস্তুতি আজিয়েই আৰম্ভ কৰক। MS Word, Excel আৰু typing — এইকেইটাত দিনে আধা ঘণ্টা দিলেই যথেষ্ট।


সঘনাই সোধা প্ৰশ্ন

ADRE 3.0 ৰ syllabus ওলাইছেনে?
নাই। SLRC-এ এতিয়ালৈকে official syllabus প্ৰকাশ কৰা নাই। ওপৰত দিয়া syllabus-খন ADRE 2.0 ৰ ভিত্তিত প্ৰস্তুত কৰা।

Negative marking কিমান?
প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কটা যায়। অৰ্থাৎ চাৰিটা ভুলত এক নম্বৰ।

কিমান পদ থাকিব?
সংবাদ মাধ্যমৰ মতে 10,000 ৰ পৰা 15,000। চূড়ান্ত সংখ্যা notification-ত জনা যাব।

Exam pattern সলনি হ'বনে?
দুটা পৰ্যায়ৰ (Preliminary আৰু Main) কথা চৰ্চাত আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা নিশ্চিত ঘোষণা হোৱা নাই।

স্নাতকে Grade IV ত আবেদন কৰিব পাৰেনে?
নোৱাৰে। দ্বাদশ শ্ৰেণীতকৈ ওপৰৰ যোগ্যতা থাকিলে Grade IV ৰ বাবে যোগ্য নহয়। স্নাতক হ'লে Grade III পদত আবেদন কৰক।

পৰীক্ষা কেতিয়া হ'ব?
Notification ওলোৱাৰ প্ৰায় তিনি-চাৰি মাহ পিছত পৰীক্ষা হোৱাটোৱে আগৰ ধাৰা।


শেষত

ADRE অসমৰ সবাতোকৈ ডাঙৰ চৰকাৰী নিযুক্তিৰ সুযোগ, আৰু প্ৰতিযোগিতাও ইমানেই কঠিন। Notification ওলোৱাৰ পিছত পঢ়া আৰম্ভ কৰা প্ৰাৰ্থী আৰু আজিৰ পৰা আৰম্ভ কৰা প্ৰাৰ্থীৰ মাজত তিনি-চাৰি মাহৰ ব্যৱধান থাকিব। সেই ব্যৱধানটোৱেই merit list ত পাৰ্থক্য গঢ়ি তোলে।

Mocksky ত ADRE ৰ বাবে বিনামূলীয়া mock test, বিষয়ভিত্তিক প্ৰশ্ন আৰু আগৰ বছৰৰ প্ৰশ্নকাকত — সকলো এটা ঠাইত পাব, অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত। আজিয়েই এখন test দি নিজৰ অৱস্থাটো চাই লওক।